ডিজিটেল ডেস্কঃ নাবালিকা ধৰ্ষণৰ অভিযোগত বুধবাৰে দোষী সাব্যস্ত গ’ল আশাৰাম বাপু৷ যোধপুৰৰ কেন্দ্ৰীয় কাৰাগাৰত বিশেষ আদালতৰ দ্বাৰা এই ৰায় প্ৰদান কৰা হ’ল৷

যোধপুৰত ১৬ বছৰীয়া নাবালিকা ধৰ্ষণৰ উপৰিও আশাৰামৰ ওপৰত দুই শিশুৰ নৰবলি, চুৰটত দুই ভগ্নীৰ বলাৎকাৰ, ৯ গৰাকী সাক্ষ্যক হত্যাৰ প্ৰচেষ্টা আৰু ৩ গৰাকী সাক্ষ্যক হত্যা কৰাৰ অভিযোগ আছে৷ কিন্তু তাৎপৰ্য্যপূৰ্ণ বিষয় যে আশাৰাম বাপুৰ ওপৰত ইমানবোৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো তেওঁৰ ভক্ত সকলে তেওঁক ইশ্বৰ জ্ঞান কৰি আহিছে আৰু আজিও তেওঁৰ পুজা কৰে৷

►ক্লিক কৰি পঢ়ক এই বাতৰিঃ আদালতৰ ৰায়, নাবালিকা ধৰ্ষণৰ অভিযোগত দোষী সাব্যস্ত হ’ল আশাৰাম

উল্লেখ্য যে, আশাৰাম বাপুৰ প্ৰকৃত নাম অসুমল হৰপলানী৷ ১৯৪১ চনত পাকিস্তানৰ সিন্ধু অঞ্চলত তেওঁ জন্মলাভ কৰিছিল৷ দেশ বিভাজনৰ পিছত সিন্ধু বেপাৰী সম্প্ৰদায়ৰ তেওঁলোকৰ পৰিয়ালটো আহমেদাবাদলৈ গুছি আহে৷ ২০ বছৰ বয়সত অসুমলে আধ্যাত্মিক চিন্তাধাৰাত আকৃষ্ট হৈ লীলাচাহ নামৰ গুৰু এজনৰ ওচৰত শৰণ লয়৷ আৰু তাৰ পাছতে অসুমলে নিজৰ নাম সলনি কৰি আশাৰাম ৰাখে৷

১৯৭২ চনত আশাৰামে আহমেদাবাদৰ পৰা প্ৰায় ১০ কিঃমিঃ নিলগৰ মূটেৰাত নিজৰ প্ৰথমখন আশ্ৰম প্ৰতিষ্ঠা কৰে৷ আশাৰামৰ ওপৰত হত্যা, বলাৎকাৰ আদিৰ অভিযোগ থকাৰ উপৰিও আশ্ৰম নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণৰ অভিযোগো আছে৷ 

আশাৰাম বাপুৰ আশ্ৰমৰ ৱেবচাইট অনুসৰি সমগ্ৰ বিশ্বত তেওঁৰ ৪ কৌটিতকৈ অধিক ভক্ত আছে৷ তদুপৰি সমগ্ৰ বিশ্বত আশাৰাম বাপুৰ বাণী প্ৰচাৰৰ বাবে ৪০০ৰো অধিক আশ্ৰম আছে৷ আশাৰাম বাপুৰ পুত্ৰ নাৰায়ণ সাইয়েও আধ্যাত্মিকতাত শৰণ লৈ আশাৰাম বাপুৰ জনপ্ৰিয়তা বৃদ্ধিত সহায় কৰি আহিছে৷ 

►ক্লিক কৰি পঢ়ক এই বাতৰিঃ আজি আদালতৰ ৰায়ত নিশ্চিত হ’ব আশাৰামৰ ভবিষ্যত, সস্ত্ৰম আৰক্ষী

ইফালে আশাৰাম বাপুৱে নিজৰ কাৰ্যকালৰ সময়ত ভক্তসকলৰ মাজত বিনামূলীয়া ভোজনৰ ব্যৱস্থা কৰিছিল বুলি জানিব পৰা যায়৷ যাৰ বাবে দৰিদ্ৰ লোকসকল তেওঁৰ অনুগামী হৈ পৰে৷ তদুপৰি আশাৰাম বাপুৱে গুজৰাট আৰু মধ্যপ্ৰদেশৰ গ্ৰাম্যাঞ্চলসমূহত থকা আশ্ৰমসমূহৰ জৰিয়তে বিনামূলীয়া ঔষধ বিতৰণ কৰা বাবেও বহু লোকে তেওঁৰ শৰণ লবলৈ আৰম্ভ কৰিছিল৷ 

আনহাতে সাধাৰণ জনতাই নহয়, আশাৰামৰ শিষ্যসকলৰ মাজত আছে বহু শীৰ্ষ নেতাও৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানী, নীতিন গাডকাৰী, দিগ্বিজয় সিং, কমল নাথৰ দৰে বহু শীৰ্ষ ৰাজনৈতিক নেতাই আশাৰাম বাপুৰ শিষ্যত্ব লাভ কৰিছিল৷ ইয়াৰ বাহিৰেও শিবৰাজ সিং চৌহান, উমা ভাৰতী, ৰমন সিং, আদিয়েও আশাৰাম বাপুৰ আশ্ৰমলৈ প্ৰায়ে গৈছিল৷

গুজৰাটক মূখ্যমন্ত্ৰী হৈ থকা অৱস্থাত এতিয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও কেইবাবাৰো আশাৰাম বাপুৰ দৰ্শন কৰিছিল বুলি জানিব পৰা যায়৷ তেওঁ আশাৰামৰ আশ্ৰমত আয়োজন কৰা বিভিন্ন অনুষ্ঠানতো অংশ লৈছিল৷ অৱশ্যে ২০০৮ চনত আশাৰাম বাপুৰ মূটেৰা আশ্ৰমত দুটি নৰকংকাল উদ্ধাৰ হোৱাৰ পিছত প্ৰায়বোৰ নেতাই আশাৰাম বাপুৰ আশ্ৰম যোৱা বন্ধ কৰি দিয়ে৷ 

►ক্লিক কৰি পঢ়ক এই বাতৰিঃ আদালতৰ ৰায়, নাবালিকা ধৰ্ষণৰ অভিযোগত দোষী সাব্যস্ত হ’ল আশাৰাম

২০১৩ চনৰ ৩১ আগষ্টত নাবালিকা ধৰ্ষণৰ অভিযোগত আৰক্ষীয়ে ইন্দোৰস্থিত আশ্ৰমৰ পৰা আশাৰাম বাপুৰ আটক কৰে৷ ১৫ আগষ্টত ৰাজস্থানৰ যোধপুৰস্থিত মনাই আশ্ৰমত এগৰাকী ১৬ বছকীয়া নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰি নাবালিকাগৰাকীৰ অভিভাৱকে ২০ আগষ্টত তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল৷ তাৰ পিছতেই আৰক্ষীয়ে ধাৰা ৩৪২, ৩৭৬, ৩৫৪-এ, ৫০৬, ৫০৯/৩৪, জেজে আইনৰ ২৩ আৰু ২৬ আৰু পস্কো আইনৰ ধাৰা ৮ৰ ভিত্তিত আশাৰামৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷ 

ইয়াৰ পিছতেই ৰাম জেঠমলানী, ৰাজু ৰামচন্দ্ৰন, সুব্ৰমণিয়াম স্বামী, সিদ্ধাৰ্থ লুথৰা, চলমান খুৰ্ছীদ, কে টি এছ তুলসী আৰু যুযু ললিতৰ দৰে দেশৰ নামী দামী অধিবক্তাই আশাৰাম বাপুৰ জামিনৰ বাবে আবেদন কৰে৷ কিন্তু বেলেগ বেলেগ আদালতে ১১ বাৰ আশাৰাম বাপুৰ জামিন আবেদন খাৰিজ কৰে৷