ডিজিটেল ডেস্কঃ বিশ্বৰ সৰ্ব্ববৃহৎ জনসংখ্যাপূৰ্ণ চহৰ আৰু বিশ্বৰ প্ৰদূষিত চহৰৰ সমূহৰ মাজত স্থান পাইছে মুম্বাই চহৰে৷ বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা এক প্ৰতিবেদনৰ ভিত্তিত বিশ্বৰ বৃহৎ জনসংখ্যাপূৰ্ণ চহৰৰ তালিকাৰ ৪ৰ্থ স্থানত আছে মুম্বাই চহৰ৷ 

ইফালে সংস্থাটোৱে প্ৰকাশ কৰা বিশ্বৰ ৮৫৯খন প্ৰদুষিত চহৰৰ তালিকাতো মুম্বাই চহৰৰ নাম প্ৰকাশ হৈছে৷ 

বতাহত টক্সিনৰ পৰিমাণৰ উপস্থিতিৰ ভিত্তিত বিশ্ব স্বাস্থ্য সংস্থাই প্ৰদূষিত চহৰৰ তালিকাখন প্ৰস্তুত কৰি উলিয়াইছে৷ 

ঘৰ নিৰ্মাণ, যানবাহন, কৃষিক্ষেত্ৰ তথা কয়লা খনিত শক্তিৰ অপব্যৱহাৰৰ পৰাই বায়ু প্ৰদুষণ ঘটে বুলি উল্লেখ কৰি বিশ্ব স্বাস্থ্য সংস্থাই প্ৰদূষিত চহৰ সমূহত প্ৰায় ৭ লক্ষ মানুহ প্ৰদূষণৰ চিকাৰ হৈ মৃত্যুক সাৱটি ল’বলগীয়া হৈছে বুলি দাবী কৰে৷ 

বায়ুত উপঙি ফুৰা চালফেট, নাইট্ৰেট আৰু ক’লা কাৰ্বনৰ সৰু সৰু কণিকা মানুহৰ উশাহৰ যোগেদি দেহৰ ভিতৰলৈ গৈ ক্ষতি সাধন কৰে বুলিও বিশ্ব স্বাস্থ্য সংস্থাৰ এক বিবৃতিত প্ৰকাশ পায়৷ 

ইফালে বিশ্বৰ ১০খন মেগা চিটিৰ মাজত মুম্বাইৰ জলবায়ুত পিএ ১০ আৰু পিএম ২.৫ৰ উপস্থিতি বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশিত মাত্ৰাতকৈ বেছি আছে৷ মুম্বাইৰ চহৰৰ প্ৰদূষণ মাত্ৰা ঢাকা, বেইজিং আদি চহৰৰ তুলনাতো বেছি বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে৷ 

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে প্ৰদূষিত চহৰ সমূহত প্ৰতি ১০ জন মানুহৰ মাজত প্ৰতি ৯ জনেই প্ৰদূষিত বায়ু সেৱন কৰে৷ ইফালে, ২০১৬ চনত বিশ্বত প্ৰদূষণৰ ফলত ১৫ লাখ মানুহৰ মৃত্যু ঘটিছিল বুলি দাবী কৰে সংস্থাই৷ 

বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি মূলতঃ এছিয়া আৰু আফ্ৰিকাতেই বায়ু প্ৰদূষণ সকলোতকৈ বেছি হয়৷ যাৰ ফলত হৃদযন্ত্ৰৰ সমস্যা, ষ্ট্ৰোক অথৱা হাওফাওত কেন্সাৰ ৰোগে দেখা দিয়ে৷ ৰন্ধনৰ কাৰণে এতিয়াও বহু চহৰত এলপিজি গেছৰ পৰিবৰ্তে কয়লাৰ ব্যৱহাৰ কৰা হয়৷ যাৰ ফলত বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি ঘটিছে বুলি বিশ্ব স্বাস্থ্য সংস্থাই দাবী কৰে৷