ডিজিটেল ডেস্কঃ টিজাৰ কেম্পেইন- কোনো এবিধ পণ্য বজাৰত মুকলি কৰি দিয়াৰ পুৰ্বে চুটি চুটি ৰহস্যপুৰ্ণ দৃশ্য-শ্ৰাব্য কিম্বা হৰ্ডিঙেৰে এক বহুল পৰিসৰত চলোৱা বিজ্ঞাপন। অলপতে 'ভয় নাখাব, এতিয়া টাইগাৰ আহিব’ বুলি চলোৱা টিজাৰ অভিযানে গুৱাহাটী চহৰত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। সকলোৰে মনত উৎসুকতা জাগি উঠিছিল- কোন এই টাইগাৰ। পিছত জানিবলৈ পৰা গৈছিল যে টাইগাৰ আচলতে চুবুৰীয়া দেশ বাংলাদেশৰ এটা চিমেণ্ট কোম্পানী।

এতিয়া একেই উৎসুকতা দেখা গৈছে 'ভাগ নৰ্থ-ইষ্ট ভাগ’ক লৈ। কিন্তু এই উৎসুকতাৰ অন্ত পৰাৰ আগেয়ে বৰ বৰ হৰফেৰে লিখা এই হৰ্ডিংবোৰ আঁতৰাবলৈ প্ৰশাসনক নিৰ্দেশ দিছে গুৱাহাটী পৌৰ নিগমে। জিএমচিৰ মতে এনেদৰে উত্তৰ-পূৰ্বাঞ্চলক 'ভাগ’ বুলি কোৱাটো অসন্মানজনক।

হিন্দীত 'ভাগ’ মানে ইংৰাজী run শব্দৰ সৈতে একে যদিও নিজস্ব ঠাঁচ থকা অসমীয়া ভাষাত ভাগ শব্দটো নেতিবাচক। উল্লেখ্য যে জানুৱাৰী মাহত লগোৱা হৈছিল 'ভাগ নৰ্থ-ইষ্ট ভাগ’ হৰ্ডিংবোৰ। জানিব পৰা মতে এয়া এক চিমেণ্ট কোম্পানীৰ টিজাৰ কেম্পেইন।