ডিজিটেল ডেস্কঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ বৈঠকত ম’বাইল ফোন ব্যৱহাৰ নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছে৷ শুকুৰবাৰে অসামৰিক সেৱা দিৱসত ভাষণ দিয়াৰ সময়ত ম’বাইল ফোন টিপাৰ অংগী-ভংগীৰে মোদীয়ে কয় যে জিলাৰ বিষয়াসকল ইমানেই ব্যস্ত থাকে যে তেঁওলোকে ম’বাইলৰ স্ক্ৰীণৰপৰা মুৰ দাঙিবৰ সময়ে নাপায়৷

সেয়ে মোদীয়ে উপায়ন্তৰ হৈ তেঁও থকা বৈঠকত ম’বাইল ফোন নিষিদ্ধ কৰি দিছে৷ কিয়নো তাতেও কোনোবাই যদি ম’বাইল ফোন লৈ থমকি নোৰোৱাই হয় ! - এইবুলি ৰগৰ কৰি কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে৷

মানুহৰ মাজত সোমাই যোৱাৰ বাবে ম’বাইল ফোন খুবেই ভাল মাধ্যম৷ ছচিয়েল মিডিয়াৰ যোগেদি চৰকাৰী আঁচনিসমূহৰ বিষয়ে ভালদৰে প্ৰচাৰ কৰিব পৰা যায়৷ কিন্তু তাৰবাবে ম’বাইল ফোন আৰু ছ'চিয়েল মিডিয়াৰ সদব্যৱহাৰ বিষয়াসকলে জনা উচিত বুলি মন্তব্য কৰে মোদীয়ে৷

কামক বোজা বুলি নাভাবি সেয়া একপ্ৰকাৰৰ প্ৰত্যাহ্বান বুলি ভাবিবলৈ বিষয়াসকলক আহ্বান জনায় মোদীয়ে৷ লগতে কয় যে কামৰ সংখ্যাৰ সমানে সমানে গুণাগুণো বিবেচিত হ’ব লাগে৷