ডিজিটেল ডেস্কঃ প্ৰাণৰ মোহ নাইকিয়া হোৱা স্বামীয়ে বিহ খাই হস্পিতালৰ বেডত পৰি থকাৰ সময়েত চকুৰ সমুখতে চুলিয়া-চুলি লাগিল পত্নি আৰু গাৰ্লফ্ৰেণ্ডৰ।

মধ্যপ্ৰদেশৰ শিবপুৰী জিলাৰ এখন হস্পিতালত ভৰ্তি হৈ আছিল চাদাব আলী নামৰ লোকজন। ২৪ বৰ্ষীয় চাদাবে ১০৮ এম্বুলেন্স সেৱাৰ চালক হিচাপে কাম কৰিছিল।

পত্নি আৰু নিজৰ প্ৰেমিকাৰ মাজত সদায় সদায় কাজিয়া লাগি থকাৰ ফলত অশান্তিত ভোগা চাদাবে অৱশেষত চৰম সিদ্ধান্ত লৈ বিষপান কৰে।

কিন্তু ১০৮ ত কাম কৰা সহযোগীয়ে ততাতয়াকৈ চাদাবক চিকিৎসালয়ত ভৰ্তি কৰায়। হেন সময়তে উধাতু খাই উপস্থিত হয় চাদাবৰ পত্নি আচমা খান।

কিন্তু তাতে ইতিমধ্যে উপস্থিত আছিল চাদাবৰ গাৰ্লফ্ৰেণ্ড প্ৰেমলতা। লগে লগে দুয়োৰে দুৰ্বাদল তৰ্ক লাগে।

তাৰ পিছতে দুয়োয়ে চাদাবৰ সমুখতে ইজনে সিজনক চৰ-কিল শোধাবলৈ লয়। ঘটনাস্থলীত ততালিকে হস্পিতালৰ কৰ্মচাৰী উপস্থিত হৈহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।