প্ৰতিকী ফটো
প্ৰতিকী ফটো

গোলকগঞ্জঃ ধুবুৰী জিলাৰ তামৰহাট থানাৰ অন্তৰ্গত ভেৰভেৰি গাঁৱত আজি এগৰাকী মহিলাই চিপ লৈ আত্মহত্যা কৰা ঘটনাক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। প্ৰাপ্ত বাতৰি মতে, ভেৰভেৰি গাঁৱৰ বাসিন্দা আব্দুল মজিদৰ পত্নী জহুৰা বিবি (৩২)নামৰ মহিলা গৰাকীয়ে আজি পুৱা নিজ ঘৰতে চিপ লৈ আত্মহত্যা কৰে।

পিছত তামাৰহাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আনহাতে আত্মীয়ই বহুদিনৰ পৰা মহিলাগৰাকীক স্বামীৰ পৰিয়ালে শাৰীৰিক আৰু মানসিকভাৱে অত‍্যাচাৰ চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে। 

উক্ত অভিযোগৰ ওপৰত ভিত্তি কৰিয়েই নিজ গৃহত মহিলাগৰাকীক হত্যা কৰি ওলমাই ৰখাৰ সন্দেহত আৰক্ষীয়ে স্বামী মজিদক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে।