প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন প্ৰাম্তত পুৰুষৰ হাতত নাৰী নিৰ্যাতন, ধৰ্ষণৰ দৰে সংঘটিত হোৱাৰ বাতৰি প্ৰচাৰ হৈ থকাৰ সময়তে গোৱাত সংঘটিত হ’ল এক শিহৰণকাৰী নাৰকীয় হত্যাকাণ্ড৷ গোৱাত এগৰাকী মহিলাই ৪ প্ৰেমিকৰ সহযোগত শীতল মস্তিস্কৰে হত্যা কৰে নিদ্ৰাৰত স্বামীক৷ 

জানিব পৰা মতে, দক্ষিণ গোৱাৰ চাৰ্চোৰেমত এগৰাকী ৩০ বৰ্ষীয় মহিলাই স্বামীক তিনি টুকুৰাকৈ কাটি গোৱা-কৰ্ণাটক সীমান্তৱৰ্তী আনমোড ঘাটৰ বিভিন্ন অংশত পেলাই থৈ আহে৷ কল্পনা বাৰিকি নামৰ মহিলাগৰাকীয়ে সংঘটিত কৰা এই নাৰকীয় কাণ্ডত সহায় কৰে মহিলা গৰাকীৰ ৪ প্ৰেমিকে৷

এই ঘটনা সংঘটিত হয় ১ এপ্ৰিলত৷ এই ঘটনাৰ এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে দুদিন পূৰ্বে হত্যাকাণ্ডটোৰ বিষয়ে গোৱা আৰক্ষীক অৱগত কৰে৷ ঘটনা সম্পৰ্কে প্ৰত্যক্ষদৰ্শীয়ে আৰক্ষীক অৱগত নকৰা হ’লে এই নাৰকীয় ঘটনাটোৰ কথা কেতিয়াও ফাদিল নহ’লহেঁতেন বুলি মন্তব্য কৰিছে আৰক্ষীয়ে৷ কিয়নো মৃত বাসবৰাজ বাৰিকিৰ নিখোজ সম্পৰ্কে কোনো অভিযোগ লাভ কৰা নাছিল আৰক্ষীয়ে৷ 

আনহাতে, টাইমছ অৱ ইণ্ডিয়াক গোৱা আৰক্ষী সঞ্চালকপ্ৰধান অৰবিন্দ গোৱাছে জানিবলৈ দিয়া মতে, এই নাৰকীয় হত্যাকাণ্ড পৰকীয়া প্ৰেমজনিত কাৰণতে সংঘটিত কৰা হৈছে৷ ৪ প্ৰেমিকৰ সতে সম্পৰ্ক ৰক্ষা কৰা সন্দৰ্ভত মহিলাগৰাকীৰ স্বামীয়ে জনাৰ বাবেই মহিলাগৰাকীয়ে স্বামীক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে৷ 

ইফালে গোৱা আৰক্ষীয়ে ধৃত মহিলাগৰাকী আৰু ৪ প্ৰেমিকক আটক কৰি সোধপোছ কৰাত মহিলাগৰাকীয়ে হত্যাকাণ্ডৰ বিষয়ে স্বীকাৰ কৰে৷ নিহত বাসবৰাজ উত্তৰ গোৱাত টেক্সি চলাইছিল বুলি জানিব পৰা গৈছে৷ তেওঁ পত্নীৰ অবৈধ সম্পৰ্কৰ বিষয়ে অৱগত হোৱাত পৰিয়ালত প্ৰায়ে অশান্তিৰ সৃষ্টি হৈছিল আৰু সেই বাবেই শুই থকা অৱস্থাতে তেওঁক হত্যা কৰে বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে ধৃত কল্পনা বাৰিকিয়ে৷

হত্যকাণ্ডৰ মূল অভিযুক্ত কল্পনা বাৰিকি নামৰ মহিলাগৰাকীৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাজস্থানৰ বাসিন্দা সুৰেশ কুমাৰ, মাৰগাঁৱৰ বাসিন্দা পংকজ পোয়াৰ আৰু চাৰ্চোৰেমৰ বাসিন্দা আব্দুল শেখক৷ আনহাতে পলাতক হৈ থকা আদিত্য গুজ্জাৰৰ সন্ধান অভিযান অব্যাহত ৰাখিছে গোৱা আৰক্ষীয়ে৷