ডিজিটেল ডেস্কঃ মঙলবাৰে হিমাচল প্ৰদেশৰ চোলান জিলাৰ কাচাউলিত এগৰাকী মহিলা নগৰ পৰিকল্পনা সহায়কক গুলিয়াই হত্যা কৰাৰ বাতৰিয়ে দেশত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে৷

ঘটনাৰ বিৱৰণ অনুসৰি মঙলবাৰে হিমাচল প্ৰদেশৰ নগৰ পৰিকল্পনা সহায়ক শৈল বালা শৰ্মাই এটা চাৰিজনীয়া প্ৰশাসনিক দলৰ সৈতে দিনৰ ১১.৩০ বজাত কাচাউলিৰ নাৰায়ণী নামৰ অতিথিশালাত উপস্থিত হয়৷ 

কিছুদিন পূৰ্বে হিমাচল প্ৰদেশৰ উচ্চতম ন্যায়ালয়ে চোলান জিলাৰ পাহাৰীয়া চহৰ কাচাউলিত অবৈধ ভাৱে গঢ়ি উঠা হোটেল আৰু অতিথিশালা সমূহ উচ্ছেদ কৰিবলৈ নগৰ পৰিকল্পনা সমিতিক নিৰ্দেশ জাৰি কৰিছিল৷ ইয়াৰ পিছতে ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে মঙলবাৰে শৈল বালা শৰ্মাৰ নেতৃত্বত এটি চাৰিজনীয়া নগৰ পৰিকল্পনা সমিতিৰ দলে কাচাউলিচত উপস্থিত হয়৷ 

কিন্তু কাচাউলিত ন্যায়ালয়ৰ নিৰ্দেশ পালন কৰিবলৈ যোৱা চাৰিজনীয়া নগৰ পৰিকল্পনা সমিতিৰ দলটোৰ সৈতে নাৰায়ণী নামৰ অবৈধ অতিথিশালা খনৰ মালিক বিজয় ঠাকুৰৰ মতানৈক্য ঘটে৷ উল্লেখ্য যে, শৈল বালা শৰ্মাৰ দলে নাৰায়ণী অতিথিশালাখনো উচ্ছেদ কৰিবলৈ গৈছিল৷ 

নগৰ পৰিকল্পনা সমিতিৰ দলটোক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ পালনত বাধা প্ৰদান কৰি নাৰায়ণী অতিথিশালাৰ মালিক বিজয় ঠাকুৰে গুলিচালনা কৰে৷ যাৰ ফলত নগৰ পৰিকল্পনা সহকাৰী শৈল বালা শৰ্মা গুলিবিদ্ধ হৈ নিহত হোৱাৰ লগতে গুলাব সিং নামৰ এগৰাকী চৰকাৰী কৰ্মচাৰী বিজয় ঠাকুৰৰ হাতত গুৰুত্বৰভাৱে আহত হয়৷ এই ঘটনা সংঘটিত হয় আবেলি ২.৩০ বজাত৷

ইফালে নগৰ পৰিকল্পনা সহকাৰী শৈল বালা শৰ্মা নাৰায়ণী অতিথিশালাৰ মালিক বিজয় ঠাকুৰৰ হাতত গুলিবিদ্ধ হৈ নিহত হোৱা সময়ত ঘটনাস্থলীত উপস্থিত থকা গড়কাপ্তানী বিভাগৰ ঠিকাদাৰ ৰোছন লালে ঘটনা সম্পৰ্কে কয়, ‘‘বিজয় ঠাকুৰে আমাৰ কাৰ্যত বাধা প্ৰদান কৰি প্ৰথমে বাকযুদ্ধত লিপ্ত হয়৷ কিন্তু পিছত তেওঁ এটা বন্দুক উলিয়াই গুলিয়াবলৈ আৰম্ভ কৰে৷ 

তেওঁৰ বন্দুকৰ প্ৰথম গুলিটোৱে মেডামৰ বকুত আঘাত কৰে৷ তাৰ পিছত তেওঁ পুনৰ গুলি চলায়৷ এইবাৰ তেওঁৰ গুলিয়ে গুলাৱ সিং নামৰ আমাৰ কৰ্মচাৰীজনক আহত কৰে৷ মেডামে দৌৰি হোটেলৰ বাহিৰলৈ ওলাই আহিব বিছাৰিছিল যদিও বিজয় ঠাকুৰে পুনৰ গুলিচালন কৰাত মেডামৰ পিঠিৰ ফালে গুলি লাগি ঠাইতে ঢলি পৰে৷’’

ইফালে উচ্চতম ন্যায়ালয়ে ঘটনা সন্দৰ্ভত হিমাচল প্ৰদেশৰ চৰকাৰ আৰু প্ৰশাসনৰ নিষ্কৰ্মতাক তীব্ৰ ভাষাৰে সমালোচনা কৰে৷ আদালতে কয়, ‘আপোনালোকে যদি এনেকৈয়ে মানুহ হত্যা কৰাৰ অনুমতি প্ৰদান কৰে, তেন্তে আমি নিৰ্দেশ দিবলৈকে বন্ধ কৰি দিম৷’ ইফালে এগৰাকী মহিলা প্ৰশাসনিক বিষয়াৰ সুৰক্ষাৰ নামত চৰকাৰখনে কি কৰিছিল আৰু হোটেলৰ মালিকে গুলিচালনা কৰি পলাই যোৱাৰ সময়ত প্ৰশাসনে কিয় অপৰাধীজনক ধৰিব নোৱাৰিলে বুলিও আদালতে চৰকাৰ তথা প্ৰশাসনৰ পৰা উত্তৰ বিচাৰে৷