গুৱাহাটীঃ শনিবাৰে ৰাজ পথলৈ ওলাই আহিল মহানগৰীৰ মহিলা৷ শ-শ মহিলাই উত্তাল কৰিলে হ’ল মহানগৰীৰ ৰাজপথ৷ মহিলাৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত গুৱাহাটী মহানগৰীত কেইবাশতাধিক মহিলাই সমদল উলিয়াই চৰকাৰ বিৰোধি শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে৷

নাৰী নিৰ্যাতন বিৰোধি দিৱস উপলক্ষে AIMSS, AIDYO আৰু AIDSO উদ্যোগত শনিবাৰে ৰাজপথলৈ ওলাই অহা মহানগৰীৰ মহিলাই নাৰী নিৰাপত্তাৰ সুনিশ্চিত কৰাৰ দাবী জনায়৷

চৰকাৰ বিৰোধি শ্ল’গানেৰে লক্ষ্মীদান বৰুৱা সদনৰ পৰা এক সমদল উলিয়াই মহিলাৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনায় মহিলা সকলে৷

হাতে প্লেকাৰ্ড, ফেষ্টুন লৈ মানৱ অংগৰ সৰবৰাহ বন্ধ কৰা, মহিলাৰ নিৰাপত্তা সুনিশ্চিত কৰা, শ্বেতা আগৰৱালাৰ হত্যাৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত কৰি হত্যাকাৰীক ফাচি দিয়াৰ ব্যৱস্থা কৰা, নাৰী আৰু শিশুৰ পাচাৰ বন্ধ কৰা, মদ-জুৱাৰ প্ৰচলন বন্ধ কৰা, ধৰ্ষণ-গণ ধৰ্ষণ বন্ধ কৰা, নাৰী নিৰ্যাতন বন্ধ কৰাৰ দাবী জনায়৷