ডিজিটেল ডেস্কঃ দোকানত চুৰি হোৱা ঘটনা শুনিছে৷ কিন্তু বিশ্বৰ আগশাৰিৰ অনলাইন প্ৰতিষ্ঠান আমাজনৰ পৰা লক্ষাধিক টকা লুটিলে এগৰাকী মহিলাই। পশ্চিমবংগৰ দিপান্বীতা ঘোষে প্ৰায় ৬৯লাখ ১১ টকা হৰণ কৰিলে আমাজনৰ পৰা৷ 

কলিকতাৰ এই মহিলাগৰাকীয়ে আমাজনত বিগত ১বছৰত প্ৰায় ১০৪বিধ সামগ্ৰীৰ ক্ৰয় কৰে৷ আৰু প্ৰত্যেকবাৰেই ক্ৰয়ৰ ২৪ঘন্টা নৌহওঁতেই আমাজনক ঘুৰাই দিয়ে সামগ্ৰীসমূহ। প্ৰতিষ্ঠানটোৰ নিয়ম অনুসৰি আমাজনে কেচবেক কৰে সামগ্ৰীসমূহ৷ 

অৱশেষত আমাজনৰ এক অনুসন্ধানত আহে সত্যতা৷ মহিলাগৰাকীয়ে ক্ৰয় কৰা সামগ্ৰীসমুহৰ পৰিৱৰ্তে ঘুৰাই দিছিল নকল সামগ্ৰী৷ তদুপৰি আমাজনৰ সামগ্ৰীসমূহ বেলেগ  পৰ্টেলত বিক্ৰী কৰে মহিলাগৰাকীয়ে৷ rajarshi96 নামৰ শ্বপিং পৰ্টেলত সামগ্ৰীসমূহ দিছিল দিপান্বীতাই৷ অৱশেষত আমাজনৰ গোচৰত গ্ৰেপ্তাৰ হয় মহিলাগৰাকী৷