ডিজিটেল ডেস্কঃ 'কল ৰিচিভ কৰা, নহ’লে মই নিজকে শেষ কৰি দিম’- এনেদৰে নিজৰ বয়ফ্ৰেণ্ডক মেচেজ কৰি এটা সময়ত চূড়ান্ত সিদ্ধান্ত ল’লে এগৰাকী শিক্ষয়িত্ৰীয়ে।

চিপ লগোৱাৰ ঠিক আগমুহূৰ্তত আনকি বয়ফ্ৰেণ্ডক ফটো এখনো পঠাইছিল নীলম আৰোৰাই। ৯ মে'ত ঘটিছিল এই ঘটনা। 

গোৱালিয়ৰৰ কম্পুৰ ছনা কোঠাৰ এলেকাৰ অন্নপূৰ্ণা গাৰ্লছ হোষ্টেলৰ নীলমৰ হোৱাটছআপ চাই আৰক্ষীয়ে গম পাইছিল তাইৰ বয়ফ্ৰেণ্ডৰ ব্লেকমেইলিঙৰ সকলো বিৱৰণ।

আৰক্ষীৰ তদন্তত প্ৰকাশ পোৱামতে ছুচাইড কৰাৰ পূৰ্বে বয়ফ্ৰেণ্ড দীপকক হেনো কেবাবাৰো ফোন কৰিছিল নীলমে। 

'জীৱনৰ শেষ মুহূৰ্তলৈকে তোমাক ভাল পাই থাকিম, এতিয়া হোৱাটছআপত মোৰ মৃতদেহ চোৱা’- এনেকৈ কৈয়ে পিন্ধি থকা চুৰ্ণীখনেৰে আপোনঘাতী হয় নীলম।

আৰক্ষীৰ তদন্তত প্ৰকাশ পোৱামতে বহুদিন ধৰি নীলমক ব্লেকমেইল কৰি আহিছিল দীপকে। বিয়া পাতিম বুলি প্ৰৱঞ্চনা কৰা বুলি নীলমৰ ম’বাইলত তথ্য পোৱা গৈছে।

তাইৰ গোপনীয় ফটো ফেচবুকত ভাইৰেল কৰি দিম বুলিও ভাবুকি দি আহিছিল দীপকে। দীপক এতিয়া পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে।