ডিজিটেল ডেস্কঃ আজি ২২ এপ্ৰিল। প্ৰকৃতি আৰু পৰিৱেশ সম্পৰ্কে বিশ্বজুৰি সচেতনতা গঢ়ি তোলাৰ উদ্দেশ্যে প্ৰতিবছৰে আজিৰ দিনটোতে সমগ্ৰ বিশ্বতে পালন কৰা হয় ধৰিত্ৰী দিৱস। ভাৰতৰো বিভিন্ন প্ৰান্তত উদযাপিত হৈছে এই দিৱস। এইবাৰৰ প্ৰতিপাদ্য বিষয় হৈছে প্লাষ্টিকৰ ব্যৱহাৰ ৰোধ কৰা। 

মহাৰাষ্ট্ৰ চৰকাৰে এইক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰি প্লাষ্টিকৰ বেগৰ ওপৰত সম্পুৰ্ণ নিষেধাজ্ঞা জাৰি কৰাৰ যোজা চলাইছে। এনে নিষেধাজ্ঞা জাৰি কৰা ভাৰতৰ ১৮তম ৰাজ্যৰ স্থানত আছে মহাৰাষ্ট্ৰ। কিন্তু এই পদক্ষেপ কাৰ্যক্ষেত্ৰত ফুটুকাৰ ফেনসদৃশ হৈ পৰে। সেয়ে সাধাৰণ জনতাৰ মাজত সচেতনতা গঢ়ি নুঠালৈকে এনে পদক্ষেপ ফলপ্ৰসূ নহ’ব বুলি মতপোষণ কৰিছে পৰিৱেশবিদসকলে। প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা ব’ৰ্ডে ২০১৬ চনত প্ৰকাশ কৰা এক প্ৰতিবেদন মতে দেশৰ সৰহসংখ্যক ৰাজ্যই এইক্ষেত্ৰত ২০১১ চনত স্থিৰ কৰা নিয়মাৱলী অনুসৰণ কৰাত বিফল হৈছে।  

উল্লেখ্য যে পৰিৱেশৰ বাবে ক্ষতিকাৰক প্লাষ্টিকজাতীয় সামগ্ৰী আৰু বিশেষকৈ পলিথিনৰ বেগৰ ব্যাপক ব্যৱহাৰ বিশ্বৰ পৰিৱেশ আৰু পৰিস্থিতিতন্ত্ৰৰ বাবে খুবেই ক্ষতিকাৰক। কিয়নো প্লাষ্টিকজাত সামগ্ৰী কেতিয়াও নপচে। বিশ্বৰ বিভিন্ন পৰিৱেশ সংগঠন আৰু প্ৰকৃতিবিদৰ মতে বিশ্বত প্ৰতিদিনে পাঁচ লাখ পলিথিনৰ বেগ ব্যৱহৃত হয়। 

জলবায়ু সম্পৰ্কে সচেতনতা সৃষ্টিৰ লক্ষ্য আগত ৰাখি ১৯৭০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰায় দুই কোটি লোক ৰাজপথলৈ ওলাই আহিছিল। সিদিনাই সূত্ৰপাত ঘটিছিল ধৰিত্ৰী মাতাক ৰক্ষাৰ এই দিৱসৰ। সেই দিনটোকে মাৰ্কিন চিনেটৰ গেলৰ্ড নেলচনে ধৰিত্ৰী দিৱস হিচাপে প্ৰচলন কৰে। ধৰিত্ৰী দিৱসৰ বৰ্ষপূৰ্ত্তি হিচাপে ১৯৯০ চনত এই আন্দোলনে ব্যাপক প্ৰসাৰ আৰু প্ৰচাৰ লাভ কৰে। সেই বছৰটোত প্ৰায় বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২০ কোটি লোকে এই দিৱস পালন কৰে।