কোকৰাঝাৰঃ সমগ্ৰ বিশ্বৰ লগতে আজি কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ চৌহদত থকা জিলা যক্ষ্মা বিভাগৰ উদ্যোগত বিশ্ব যক্ষ্মা দিৱস উদযাপন কৰা হয়৷ যক্ষ্মা দিৱসৰ সতে সংগতি ৰাখি অাজি পুৱা চিকিৎসালয়ৰ চৌহদৰ পৰা এক সজাগতা মূলক শোভাযাত্ৰা উলিওৱা হয় ৷

কোকৰাঝাৰৰ জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ বসুমতাৰীয়ে পতাকা জোকাৰি শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে। শোভাযাত্ৰাৰ উদ্বোধনী ভাষণত বসুমতাৰীয়ে জিলাখনৰ যক্ষ্মা বিভাগটোৱে ইতিমধ্যে বহু ৰোগীক চিনাক্ত কৰি সুস্থ কৰি তোলাৰ বাবে ৰাজ্যখনৰ ভিতৰতে তৃতীয় স্থান পোৱাত সন্তুষ্টি প্ৰকাশ কৰি যক্ষ্মা ৰোগ চিনাক্তকৰণ আৰু নিৰ্মূলকৰণৰ বাবে বিভাগটোৱে লোৱা পদক্ষেপৰ শলাগ লয়।

উল্লেখ্য যে বিশ্ব যক্ষ্মা দিৱস উপলক্ষে নাৰ্ছিং কলেজৰ শতাধিক ছাত্ৰীৰ লগতে বিষয়া কৰ্মচাৰীসকলে উলিওৱা শোভাযাত্ৰাখনই কোকৰাঝাৰ সদৰ চহৰ পৰিভ্ৰমণ কৰি পুণৰাই কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ এক সজাগতামুলক মুকলি সভাত অংশগ্ৰহণ কৰে।

চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা উক্ত সজাগতামুলক মুকলি সভা জিলা যক্ষ্মা বিষয়া ডাঃ কৌশিক দাসে বন্তি প্ৰজ্জ্বলন কৰি উদ্বোধন কৰে৷ মুকলি সভাখনত মুখ্য অতিথি হিচাপে বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰী, সন্মানীয় অতিথি হিচাবে জিলা উপায়ুক্ত বিবেকানন্দ চৌধাৰী, বিটিএডিৰ স্বাস্থ্য বিভাগৰ সচিব দীনেশ বড়ো, চিকিৎসালয়খনৰ অধীক্ষক ড: এ.এচ শৰ্মা, অাৰএনটিচিপিৰ বিষয়ববীয়া, অাইচিটিচিৰ ৱিষয়ববীয়াকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷