গুৱাহাটীঃ ফেচবুক বন্দুকধাৰীৰ এইবাৰৰ টাৰ্গেট অখিল গগৈ৷ কাই খাপলাঙে জুবিন গাৰ্গক হত্যাৰ ভাবুকি দিয়াৰ পিছত এইবাৰ অখিলক হত্যাৰ ভাবুকি দিছে এজন গল্পকাৰে৷ কৃষক নেতাজনক অনুজ্ঞাপ্ৰাপ্ত ৰেমিংটনেৰে গুলীয়াই হত্যাৰ ভাবুকি দিয়া নিজকে সৰ্বশ্ৰেষ্ঠ গল্পকাৰ বুলি জহাই ফুৰা এইলোকজন হৈছে নীলোৎপল বৰুৱা৷

ৰাজ্যখনৰ কেবাখনো কাকত আলোচনীত মাজে মাজে দুই-এটা গল্প লিখি নিজকে অসমৰ সৰ্বশ্ৰেষ্ঠ গল্পকাৰ আখ্যা দি অহা লোকজনে কালি নিশা ১১.০৪ বজাত ফেচবুকযোগে অখিলক গুলীয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে৷ ‘‘অখিলক পালে এইবাৰ তাক মোৰ অনুজ্ঞাপ্ৰাপ্ত ৰেমিংটনটোৰ গুলীৰে থকা-সৰকা কৰাৰ বৰ ইচ্ছা...৷’-পোষ্টটোত এইদৰে কৃষক নেতাজনক হত্যাৰ ভাবুকি প্ৰদান কৰে লোকজনে৷

অৱশ্যে ভাবুকি সূচক উক্ত পোষ্টটো লোকজনে আজি পুৱাৰ ভাগত ডিলিট কৰি দিয়ে৷ কিন্তু ইতিমধ্যে স্ক্ৰীণশ্বট ভাইৰেল হৈ পৰাত বিষয়টোক লৈ ৰাজ্যজুৰি পুনৰ বিতৰ্কৰ সৃষ্টি হোৱা দেখা গৈছে৷ কি কাৰণত কৃষক নেতাজনৰ বিৰুদ্ধে এনে মন্তব্য কৰিছে সেয়া জানিব পৰা হোৱা নাই যদিও একাংশ লোকে নিউজ নেক্সট ৱানক জনোৱা মতে লোকজন হেনো সময়ে সময়ে ফেচবুকত এনেধৰণৰ আপত্তিজনক মন্তব্য কৰি পিছত ডিলিট কৰি দিয়ে৷ লোকজনৰ অনুজ্ঞাপ্ৰাপ্ত এটি বন্দুক আছে বুলিও জানিবলৈ দিছে একাংশ পৰিচিত লোকে৷

উল্লেখ্য যে লোকজনৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও মৰিগাঁও থানাত ফেচবুকত বিদ্বেষমূলক মন্তব্য কৰাৰ অভিযোগত গোচৰ ৰুজু হৈছিল৷ এই সম্পৰ্কে কেবাখনো কাককত প্ৰকাশিত হৈছিল বাতৰি৷ কিন্তু এইবোৰলৈ কোনোধৰণৰ কেৰেপকে নকৰা লোকজনে উক্ত বাতৰিটোৰ ফটো নিজৰ টাইমলাইনত আপলোড দি গোচৰ দিয়াসকলক উদ্দেশ্যি পুনৰাই তাচ্ছিল্যসূচক মন্তব্যহে কৰে৷

আজি লোকজনে অখিলক হত্যাৰ ভাবুকি দিয়া কথা পোহৰলৈ অহাৰ পিছতে বহুতে তেওঁ ইতিমধ্যে আপডেট দি অহা একাধিক পোষ্ট আৰু কমেণ্টৰ স্ক্ৰীণশ্বট আপলোড কৰে৷ উক্ত স্ক্ৰীণশ্বটসমূহ চাই বহুতে লোকজনক মানসিক বিকাৰগ্ৰস্ত আখ্যা দিয়া দেখা গৈছে৷

এনেধৰণৰ একাধিক পোষ্ট আৰু কমেণ্টতে অতি অশ্লীল ভাষা ব্যৱহাৰ কৰি আহিছে নীলোৎপল বৰুৱা নামৰ স্বয়ম্ভূ শ্ৰেষ্ঠ গল্পকাৰজনে৷ ফেচবুকৰ এটা পোষ্টত গাঞ্জা অতিকে প্ৰিয় বুলিও উল্লেখ কৰিছে অখিলক হত্যাৰ ভাবুকি দিয়া গল্পকাৰজনে৷ ‘‘জীৱনক ভাল পাওঁ গভীৰভাৱে...জীয়াই থকাৰ বাবে অনুপ্ৰাণিত হওঁ.....অবশ্যে লগত টিকিৰা, চিলিম আৰু গাঞ্জা৷’’-ঘাতক হ’বলৈ মন মেলা গল্পকাৰজনৰ এটা পোষ্টৰ কিয়দংশ৷

ফেচবুক একাউণ্টত নিজকে সাংবাদিক হিচাপেও উল্লেখ কৰিছে নীলোৎপলে৷ ফেচবুক টাইমলাইনৰ পৰা জানিব পৰা মতে, ২০১৬ চনত সদৌ অসম সাহিত্য সন্মিলনীয়ে আয়োজন কৰা গল্প উৎসৱত শ্ৰেষ্ঠ গল্পকাৰ বঁটাৰে সন্মানিত হৈছিল লোকজন৷

সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনতো গল্প সংকলনৰ শিতানত আয়োজন কৰা কোনো এক প্ৰতিযোগিতাত বিশেষ বঁটা লাভ কৰিছিল অখিলক হত্যাৰ ভাবুকি দিয়া গল্পকাৰজনে৷ বিগত বৰ্ষত কুটকুট-টুকটুকৰ অভিযান নামৰ তেওঁৰ এখন শিশু উপন্যাসো প্ৰকাশ পাইছিল বুলি জানিব পৰা গৈছে৷ ২০০৩ চন মানত ‘গুৱাহাটীৰ ডায়েৰী’ শিতানেৰে ‘আমাৰ অসম’ কাকতত নিয়মীয়াকৈ লেখা-মেলাও কৰিছিল হঠাৎ অধিক বিতৰ্কিত হৈ পৰা এইজন লোকে৷ 
ইফালে বিষয়টোক লৈ বিতৰ্ক সৃষ্টি হোৱাৰ কেই ঘণ্টামান পিছতে লোকজনে পুনৰাই ফেচবুকত একেধৰণৰ পোষ্ট দিয়া দেখা গৈছে৷ হাতত ত্ৰিশূল লৈ থকা এখন পোষ্ট কৰি তেওঁ লিখিছে, ‘‘হিন্দুত্ববাদৰ বিৰুদ্ধে আৰু গেদাৰ পক্ষত সততে মাত মতা অখিল গগৈৰ দৰে কংৰ ভেৰণীয়া দালাল, বিচ্ছিন্নতাবাদী, নৈৰাজ্যবাদী আৰু ৰাষ্ট্ৰদ্ৰোহী এটা কিয় হাজাৰটাক বধ কৰিবলৈ কুন্ঠাবোধ নকৰো....জয় শ্ৰী ৰাম ...হৰ হৰ মহাদেৱ৷’’

আন এটা পোষ্টত উগ্ৰ সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰি লিখিছে যে ধৰ্ম আৰু জাতিৰ স্বাৰ্থত এবাৰ কিয় বহুবাৰ কাৰাগাৰলৈ যাবলৈ তেওঁ সাজু আছে৷ পোষ্টটোৰ শেষত তেওঁ ‘জয় জগন্নাথ’ বুলিও উল্লেখ কৰিছে৷

আনহাতে এই সন্দৰ্ভত কৃষক নেতা অখিল গগৈয়ে কয় যে মৃত্যুলৈ তেওঁৰ কোনোধৰণৰ ভয় নাই৷ লোকজনৰ বিৰুদ্ধে গোচৰ ৰুজু নকৰে বুলিও সদৰী কৰে কৃষক নেতাজনে৷ "মই তেনেই সাধাৰণ মানুহ, যিকোনো ব্যক্তিয়ে মোক হত্যা কৰিব পাৰে, মৰিবলৈ মই ভয় নকৰোঁ, মোৰ অকাল মৃত্যু হোৱাতকৈ মোক কোনোবাই গুলীয়াই বা চৰকাৰে ফাঁচী দি হত্যা কৰিলে মই গৰ্ব অনুভৱ কৰিম।"-অখিলে কয়৷

তেওঁ আৰু কয়, "কংগ্ৰেছ চৰকাৰৰ দিনটো মোক শাৰীৰিকভাৱে প্ৰহাৰ কৰা হৈছিল, তেতিয়াও মই সেইসকলৰ বিৰুদ্ধে গোচৰ দিয়া নাছিলো৷ ন্যায়ালয়ে মোক ব্যক্তিগত নিৰাপত্তাৰক্ষী প্ৰদান কৰিছিল, অৱশ্যে বিজেপি চৰকাৰে নিৰাপত্তাৰক্ষী উঠাই লৈছে৷ এতিয়াও মই উক্ত ব্যক্তিজনৰ বিৰুদ্ধে গোচৰ ৰুজু নকৰোঁ, চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰে কৰিব।"

এটা সপ্তাহতে এনেদৰে ফেচবুকৰ জৰিয়তে তিনিটাকৈ বিতৰ্কিত কাণ্ড সংঘটিত হোৱালৈ চাই উদ্বিগ্ন হৈ পৰিছে সচেতন মহল৷ ফেচবুকতো বহু সচেতন লোকে এনে কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰা দেখা গৈছে৷ বিষয়টোক লৈ আফনুৰ আলী নামৰ এজন সচেতন যুৱকে লিখিছে, ‘ডিঙিৰ ওপৰত মূৰ নথকাৰ দৰে Facebookত এচামে যি ইচ্ছা তাকে লিখি প্ৰদূষণ কৰিব বিচাৰিছে৷ এইবোৰক Like, Comment, share নকৰি Direct Block বা Unfriend কৰক৷ উচিত শাস্তি হ'ব৷ বন্ধু সকলৰ মতামত বা কি?’’

মৃদুল কুমাৰ সন্দিকৈ নামৰ আন এজন সচেতন লোকে আকৌ এনে পৰিৱেশলৈ চাই ফেচবুকত শনি লগা বুলি মন্তব্য কৰিছে৷ ‘‘ফেচবুকত এতিয়া শনি লাগিছে। যাৰ যি মন গৈছে তাকে কৰিছে। যি হৈছে বেয়া হৈছে। ফেচবুক ব্যৱহাৰকাৰীসকলে এই কথা উপলব্ধি কৰাৰ দিন এতিয়া আহিছে।’’-এটা পোষ্টত উদ্বিগ্নতা প্ৰকাশ কৰি এইদৰে লিখিছে সন্দিকৈয়ে৷ এনেদৰে একাধিক লোকে এতিয়া এনে কাণ্ডক লৈ উদ্বিগ্ন হৈ পৰা দেখা গৈছে৷