ডিজিটেল ডেস্কঃ খবৰ ভুৱাই হওক বা সঁচাই হওক, কিন্তু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰেপৰা এসময়ৰ বিতৰ্কিত হিন্দুত্ববাদী নেতা যোগী আদিত্যনাথে প্ৰতিদিনে চমক সৃষ্টি কৰি আহিছে। কিছুমান চমকৰ বাবে প্ৰশংসা পাইছে, আন কিছুমানৰ বাবে নিন্দা। 

এইবাৰ কিন্তু এক বিশেষ কৌশলী পদক্ষেপৰ বাবে চৰ্চালৈ আহিছে যোগী। ৰাজ্যত সিঁচৰিত হৈ থকা বাহুবলী আখ্যা পোৱা চোৰ-ডকাইতৰ গেংবোৰ উৎখাত কৰাৰ বাবে কৌশলেৰে আগবাঢ়িছে যোগী চৰকাৰ। 

১০০ জনৰো অধিক বাহুবলী ইতিমধ্যে জেলত আছে যদিও সেইসকলৰ নেতৃত্বত থকা বাহিনীয়ে কিন্তু কোনো অসুবিধা নোহোৱাকৈয়ে অনায়াসে চলাই আছে অপৰাধমূলক কাৰ্যকলাপ। 

আচলতে আইনৰ সুৰুঙা বিচাৰি লৈ এই বাহুবলীবোৰে নিজৰ ধান্দা চলাই থাকিব পাৰিছে। জেল যাবলগা হ’লেই এই ডনবোৰে সামান্য ধনৰ বিনিয়মত মানসিক ৰোগৰ প্ৰমাণপত্ৰ উলিয়াই লয়। সেই পত্ৰৰ যোগেদিয়েই তেঁওলোকে মানসিক চিকিৎসালয়ত ভৰ্তি হৈ অনায়াসে চলাই নিব পাৰিছে নিজৰ ব্যৱসায়। 

সেয়ে যোগীয়ে তেঁওলোকৰ ঘাটিতে বাট মৰাৰ পদক্ষেপ লৈছে। যোগীয়ে মানসিক চিকিৎসালয়ত ভৰ্তি হৈ থকা ডনবোৰৰ মানসিক অৱস্থাৰ খতিয়ান বিচাৰিছে আৰু সুস্থ হৈ উঠাসকলক পুনৰাই জেললৈ অনাৰ নিৰ্দেশ দিছে। 
একেদৰে জেলত থকাবোৰে বেছিদিন থকাৰ পিছত এটা নেটৱৰ্ক গঢি লয়। এই নেটৱৰ্কৰ যোগেদিয়েই বাহিৰৰ খবৰ ভিতৰলৈ আৰু ভিতৰৰ খবৰ বাহিৰলৈ যায় যিটো সময়ত ভয়ংকৰ হৈ উঠিব পাৰে। 

সেয়ে ১০০ জনৰো অধিক কুখ্যাত বাহুবলীবোৰক ইখন জেইলৰপৰা সিখন জেইললৈ পঠোৱাৰ ব্যৱস্থাও কৰিছে যোগীয়ে। এনেদৰেই ৰাজ্যখনত গুণ্ডাবাহিনীৰ সমগ্ৰ নেটৱৰ্ক ভাঙি মষিমূৰ কৰাৰ পৰিকল্পনা বাস্তবায়িত কৰাৰ বাবে আগবাঢিছে যোগী।