কোকৰাঝাৰঃ কোকৰাঝাৰ উত্তৰখণ্ড আঞ্চলিক যোগী সন্মিলনীৰ ৩৫সংখ্যাক দ্বিবাৰ্ষিক অধিৱেশন অহা ৮ আৰু ৯ এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে ভূটীয়াপাৰা খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। কোকৰাঝাৰ উত্তৰখণ্ড আঞ্চলিক যোগী সন্মিলনীৰ ৩৫ তম দ্বিবাৰ্ষিক অধিবেশন উপলক্ষে ইতিমধ্যে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে।

কাৰ্যসূচী অনুসৰি অধিৱেশনৰ প্ৰথম দিনা অৰ্থাৎ ৮ এপ্ৰিলৰ পুৱা ৮ বজাত পতাকা উত্তোলন কৰিব কোকৰাঝাৰ উত্তৰখণ্ড আঞ্চলিক যোগী সন্মিলনীৰ সভাপতি গোলক চন্দ্ৰ নাথ, ৮:৩০ বজাত শ্বহীদ তৰ্পন কৰিব অভ্যৰ্থনা সমিতিৰ সভাপতি মনু নাথ, ৯:০০বজাত বৃক্ষৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব বিষ্টুৰাম নাথে, ৯:৩০বজাত অনুষ্ঠিত হ'ব চাফাই অভিযান। পুৱা ১১:০০ বজাৰ পৰা অাৰম্ভ হ'ব প্ৰতিনিধি পঞ্জীয়ন আৰু বিয়লি ১:৩০ বজাৰ পৰা ক্ৰমান্বয়ে মূল, যুৱ, মহিলা সমিতিৰ বিষয় বাছনি সভা অনুষ্ঠিত হ'ব । 

দ্বিতীয় দিনা অৰ্থাৎ  ৯ এপ্ৰিলৰ দিনাখন পুৱা ১০ বজাত সাম্প্ৰতিক কালত নাথ-যোগী সমাজ ব্যৱস্থাত যুৱ-প্ৰজন্মৰ ভূমিকা সন্দৰ্ভত এক অালোচনা চক্ৰ অনুষ্ঠিত হ'ব। ইয়াৰ পিছতেই দূপৰীয়া দুই বজাত অনুষ্ঠিত হ'ব মুকলি সভা। এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী।

ইয়াৰোপৰি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব নাথ-যোগী উপগ্ৰহীয় স্বায়ত্বশাসিত পৰিষদ অাৰু জনজাতি দাবী পৰিষদৰ অধ্যক্ষ ডম্বৰুধৰ নাথ।

অসম প্ৰাদেশিক যোগী সন্মিলনীৰ উপসভাপতি ভূমিধৰ নাথ, সহঃ সম্পাদক চিৰাজ নাথ, বিটিএডি নাথ-যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথ, বিটিএডি নাথ-যোগী সন্মিলনীৰ সভাপতি-সম্পাদককে ধৰি বহু বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰিবলগীয়া উক্ত অধিৱেশনক লৈ ভূটীয়াপাৰাত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে। উল্লেখ্য যে অধিৱেশনৰ সৈতে সংগতি ৰাখি ৯ এপ্ৰিলৰ সাংস্কৃতিক সন্ধিয়াত খ্যাতনামা কণ্ঠশিল্পী  কৃষ্ণমণি নাথ অাৰু মনীষা নাথে সংগীত পৰিবেশন কৰিব।