প্ৰতিকী ফটো
প্ৰতিকী ফটো

তিনিচুকীয়াঃ ফেচবুকত আলফাক সমৰ্থনকাৰীৰ ওপৰত আৰক্ষীয়ে শেন চকু ৰখাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সেনা-অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীয়ে ব্যাপক অভিযান অব্যাহত ৰখাৰ সময়তে উজনি অসমত অব্যাহত আছে আলফাৰ সদস্যভৰ্তি৷

স্বাধীন অসমৰ সপোন লৈ শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিত ১৯৭৯ চনত জন্মগ্ৰহণ কৰা বিদ্ৰোহী সংগঠনটোৱে যোৱা ৩০ বছৰত উত্থান-পতনৰ সন্মুখীন হৈ আহিছে৷ প্ৰায় ১৮,৫০০ আলফা-নেতা-কেডাৰ সেনা-আৰক্ষীৰ গুলীত নিহত হৈছে৷

একেদৰে বৰ্তমান বিদ্ৰোহী সংগঠনটোৰ বহু নেতা-কেডাৰ আত্মসমৰ্পণ তথা আলোচনা কৰিবলৈ সন্মত হৈ মূল সুঁতিৰ পৰা দূৰলৈ অহাত সংগঠনটোৰ ভেটি থৰক-বৰক হোৱা বুলি ক’ব পাৰি৷

ইয়াৰ মাজতে উজনি অসমৰ বহু যুৱক বিদ্ৰোহী সংগঠনটোৰ মোহত পৰাৰ খবৰ পোৱা গৈছে৷ চিলাপথাৰৰ আছুৰ কাৰ্যালয়ত আক্ৰমণ তথা হিন্দু বাংলাদেশী অসমত সংস্থাপন আদিৰ দোহাই দি সময়ে সময়ে ছ’চিয়েল মিডিয়াত ছেগা-চোৰোকাকৈ আলফাক সমৰ্থন কৰি মতামত প্ৰকাশ কৰি থকাৰ মাজতে উজনি অসমত আলফাৰ নতুন সদস্যভৰ্তিৰ লগতে সাংগঠনিক দিশ অধিক শক্তিশালী কৰাত জোৰ দিছে সংগঠনটোৱে৷

কিছুদিন পূৰ্বে আলফাৰ সাধাৰণ সম্পাদক ভাস্কৰ বৰাৰ নেতৃত্বত প্ৰায় পাঁচজনীয়া দলে উজনি অসমৰ তিনিচুকীয়া জিলাত আলফাৰ প্ৰশাসনিক দিশ পৰ্যবেক্ষণ কৰাৰ লগতে আৰক্ষী-প্ৰশাসনৰ স্থিতি সম্পৰ্কে ভূ লোৱাৰ লগতে উজনি অসমৰ অন্যতম তিনিচুকীয়া জিলাৰ পৰা বুজনসংখ্যক যুৱকৰ দলক আলফাত যোগদান কৰোৱাৰ প্ৰচেষ্টা চলাই আছে বুলি খবৰ ওলাইছে৷

এই সন্দৰ্ভত নিউজ নেক্সট ৱানৰ সাংবাদিকে তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তৰ সৈতে  হোৱা এক টেলিফোনিক বাৰ্তালাপত অধীক্ষকজনে কয় যে বিগত দুটা বছৰত জিলাখনৰ পৰা প্ৰায় ৪০জন যুৱকে আলফাত যোগদান কৰিছিল যদিও ইতিমধ্যে ২০জন মান সদস্যই মূল সূঁতিলৈ আহিবলৈ প্ৰশাসনৰ সৈতে যো-জা চলাই আছে৷