anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ সংসদৰ বৰ্ষাকালীন অধিবেশন বুধবাৰৰ পৰা অনুষ্ঠিত হৈছে৷ ১৮ দিন চলিবলগীয়া অধিবেশনত তিনি তালাক, পিছপৰা শ্ৰেণীৰ আয়োগৰ সাংবিধানিক মৰ্যদা দিয়াকে ধৰি কেইবা খনো বিধেয়ক চৰকাৰে উত্থাপন কৰিব পাৰে৷ 

আনহাতে, বুধবাৰে পুৱাই সংসদ চলাৰ পিছতে অন্ধ্ৰপ্ৰদেশক বিশেষ ৰাজ্য ঘোষণা কৰাৰ দাবীত পুনৰাই প্ৰতিবাদ সাব্যস্ত কৰে অন্ধ্ৰপ্ৰদেশৰ সাংসদসকলে৷ ৱাইএছআৰ কংগ্ৰেছৰ দলৰ সাংসদসকলে সংসদ ভৱনৰ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত হাতত প্লেকাৰ্ড লৈ থিয় দি প্ৰতিবাদ সাব্যস্ত কৰে৷ সাংসদ সকলে বিভিন্ন শ্ল’গান দিয়াও পৰিলক্ষিত হয়৷ 

আনহাতে, বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সংসদলৈ আহি মিডিয়াৰ মুখামুখী হৈ চৰকাৰ প্ৰতিটো বিষয় আলোচনা কৰিবলৈ সাজু আছে বুলি কৈছিল৷ দেশৰ হিতৰ বাবে সকলো চৰ্চা কৰিবলৈ ৰাজনৈতিক দল সমূহক আহ্বানো জনাই মোডীয়ে৷ কিন্তু বৰ্ষাকালীন অধিবেশনো উত্তপ্ত হৈ পৰাৰ আশংকা কৰা হৈছে৷