newsnextone.com ৷ ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰ আৰু পঞ্জাৱত চলিব পাৰে সন্ত্ৰাসবাদীৰ ভয়াবহ আত্মঘাটি আক্ৰমণ৷ সন্ত্ৰাসবাদী জাকিৰ ৰশিদৰ নেতৃত্বত চলিব পাৰে এই আক্ৰমণ৷ ইতিমধ্যে দুয়ো ৰাজ্যৰ প্ৰশাসনক চৰকাৰে সতৰ্ক কৰি দিছে৷ সন্ত্ৰাসবাদী ‘আনচাৰ গাজাৱায়াত উল হিন্দে’ সংঘটিত কৰিব পাৰে এই আক্ৰমণ৷ দুয়ো ৰাজ্যত ইতিমধ্যে ‘আনচাৰ গাজাৱায়াত উল হিন্দ’ৰ লোক প্ৰৱেশ কৰা কৰা বুলি ৰিপৰ্টত প্ৰকাশ পাইছে৷ আক্ৰমণ কৰা ঠাই ঠিক কৰি দুয়ো ৰাজ্যত প্ৰৱেশ কৰিছে ৰিহান নামৰ সন্ত্ৰাসবাদী জন৷

বিশেষকৈ আক্ৰমণকাৰীয়ে আৰক্ষী থানা, বিভিন্ন বিভাগৰ কাৰ্যালয় লক্ষ্য কৰি লব পাৰে৷ স্বাধীনতা দিৱসৰ পূৰ্বে জইচ-ই-মহম্মদেও আক্ৰমণ কৰিব পাৰে৷ জইচ-ই-মহম্মদে নৌ বাহিনীৰ ওপৰত আক্ৰমণ কৰিব পাৰে৷ যাৰ বাবে দুয়ো ৰাজ্যক সতৰ্ক কৰিছে দিছে গৃহ বিভাগে৷