ডিজিটেলঃ বিশ্বৰ দৃষ্টি এতিয়া জিম্বাবুৱেৰ দিশে৷ কিয়নো যোৱা কেইবাদিনৰ জটিল ৰাজনৈতিক পৰিস্থিতিৰ অন্তত ৰাষ্ট্ৰপতি ৰবাৰ্ট মুগাৱে পদত্যাগ কৰাৰ পিছতে নতুন সমীকৰণ কি হ’ব তালৈ অপেক্ষা কৰিছে বিশ্বই৷

যোৱা ৩৭ বছৰে দেশ চলোৱা ৰবাৰ্ট মুগাৱেৰ পদত্যাগৰ খবৰ বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰে৷ এইটো এটা সাধাৰণ ঘটনা নহয় বুলিও কব খোজে বহু লোকে৷ যিজন নেতাই যোৱা ৩৭ বছৰ ধৰি দেশখনক নেতৃত্ব দি আহিছে সেই একছত্ৰী শাসক জনে হঠাৎ পদত্যাগ পত্ৰ দাখিল কৰে৷

সংসদৰ বিশেষ যুটীয়া অধিবেশন আহ্বান কৰি সংসদৰ অধ্যক্ষ জেকব মুদেন্দাই ৰাষ্ট্ৰপতি গৰাকীৰ এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰে৷ ৰাষ্ট্ৰপতি ৰবাৰ্ট গেবিয়েল মুগাৱে প্ৰায় বিনা প্ৰতিদ্বন্দিতাৰে শাসনভাৰ দখল কৰি আহিছিল৷ ১৯৮০ চনত দেশখনে বৃটিছৰ হাতৰ পৰা স্বাধীনতা কাঢ়ি লোৱাৰ পিছৰে পৰা জিম্বাবুৱেৰ শাসনভাৰ চলাই আহিছে৷

ৰাষ্ট্ৰপতি গৰাকীৰ পদত্যাগৰ খবৰ বিয়পি পৰাৰ লগে লগে হাৰাৰেকে ধৰি দেশখনৰ বিভিন্ন ঠাইত জনতাই উল্লাস প্ৰকাশ কৰে৷ হাজাৰ হাজাৰ জনতাক সৈন্যবাহিনীয়ে নিয়ন্ত্ৰণ কৰিবলগীয়া হয়৷ হাৰাৰেৰ ৰাজপথত ৰাইজে গাড়ীৰ হৰ্ণ বজায় আনন্দ উলাহত মত্ত হৈ পৰে৷ জিম্বাবৱেত এটা যুগৰ শাসনৰ অন্ত পৰাত সাধাৰণ জনতাই পৰিবৰ্তনৰ আশা ব্যক্ত কৰিছে৷