ফটো সৌজন্যঃ ফেচবুক
ফটো সৌজন্যঃ ফেচবুক

গুৱাহাটীঃ হত্যাৰ ভাবুকিৰ পিছত এইবাৰ জুবিনৰ বিৰুদ্ধে জাৰি কৰা হৈছে গ্ৰেপ্তাৰী পৰোৱানা৷ পত্নী গৰিমা শইকীয়া গাৰ্গে ৰুজু কৰা গোচৰ এটাত আদালত অৱমাননাৰ অভিযোগত গুৱাহাটীৰ সত্ৰ ন্যায়াধীশৰ আদালতে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ বিৰুদ্ধে জাৰি কৰিছে এই পৰোৱানা৷

প্ৰাপ্ত বাতৰি মতে, ২০০৭ চনত অশ্লীল মেছেজেৰে হাৰাশাস্তি কৰাৰ অভিযোগ তুলি জনৈক ৰঞ্জিত দত্ত নামৰ লোক এজনৰ বিৰুদ্ধে গীতানগৰ থানাত এটি গোচৰ ৰুজু কৰিছিল জুবিন পত্নী গৰিমাই৷ পৰৱৰ্তী সময়ত গোচৰটো আদালতৰ মজিয়া পায়গৈ। উক্ত গোচৰটোৰে সাক্ষ্যদানৰ বাবে জুবিনলৈ চমন জাৰি কৰিছিল আদালতে৷ 

►► পঢ়িব পাৰে এই বাতৰিটোঃ এতিয়াৰে পৰা ব্লাড বেংকত পাব বড়োৰ তেজ

১০ বছৰ পুৰণি উক্ত গোচৰটোত এবাৰ, দুবাৰ নহয়, চাৰিবাৰকৈ চমন জাৰি কৰাৰ পিছতো উপস্থিত নোহোৱাত আদালতে শিল্পীগৰাকীৰ বিৰুদ্ধে জামিনযোগ্য গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে৷ 

গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ পিছতে আজি পত্নী গৰিমাৰ সৈতে আদালতত উপস্থিত হৈ সাক্ষ্যদান কৰে জুবিনে৷ আদালতত উপস্থিত হৈয়ে শিল্পীগৰাকীয়ে জামিনৰ বন্দৱস্তি কৰা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে ২০১১ চনতে উক্ত গোচৰৰ চাৰ্জশ্বিট দাখিল কৰা হৈছিল৷

ইফালে জুবিন আদালতত উপস্থিত হোৱাৰ লগে লগে উথপথপ লাগে অধিবক্তাসকলৰ মাজত। গোচৰৰ কথা কিছু সময়ৰ বাবে একাষৰীয়াকৈ থৈ প্ৰিয় শিল্পীগৰাকীৰ সৈতে একলগে ফটো উঠাত ব্যস্ত হৈ পৰে কেবাগৰাকী অধিবক্তা।