ডিব্ৰুগডঃ ফেচবুকযোগে কণ্ঠশিল্পী জুবিন গাৰ্গক হত্যাৰ ভাবুকি প্ৰদান কৰি অৱশেষত আৰক্ষীৰ হাতত ধৰা পৰিল কাই খাপলাং। ডিব্ৰুগড় জিলাৰ বৰবৰুৱা আৰক্ষীয়ে আজি দুপৰীয়াৰ ভাগত কাই খাপলাং ওৰফে তুলতুল বাগলাৰীক কৰায়ত্ত কৰে। কালি নিশাৰে পৰা অভিযান তীব্ৰতৰ কৰি তোলাৰ পিছত আজি  ডিব্রুগড় গৰুধৰীয়া পথালিবামৰ পৰা যুৱকজনক আটক কৰিবলৈ সমৰ্থ হয় আৰক্ষী। 

♦ গ্ৰেপ্তাৰ হ'ব পাৰে আৰু দুজন
♦ জুবিনক মোৰ সহ্য নহয়ঃ কাই খাপলাং
♦ ভুল স্বীকাৰ কাই খাপলাঙৰ

আৰক্ষী সূত্ৰই সদৰী কৰা মতে, যুৱকজনৰ পৰা মোবাইলটোৰ ছিমখন জব্দ কৰা হৈছে। অৱশ্যে মোবাইলটো জব্দ কৰিব পৰা হোৱা নাই। আৰক্ষীৰ সোধ-পোছত যুৱকজনে মোবাইলটো ভাঙি পেলোৱা বুলি মন্তব্য কৰা বুলি জানিব পৰা গৈছে।

এই সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে ডিব্ৰুগড় আৰক্ষীয়ে। কালিৰ উক্ত ভাবুকি কাণ্ডৰ সৈতে যুৱকজনৰ লগত আৰু কোনো লোক জড়িত আছে নেকি সেই সম্পৰ্কেও অনুসন্ধান অব্যাহত ৰাখিছে বুলি আৰক্ষীয়ে সদৰী কৰিছে। 

আনহাতে থানালৈ অনাৰ সময়ত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত যুৱকজনে ফেচবুকত জুবিনক এনেদৰে হত্যাৰ ভাবুকি দি ভুল কৰিছে বুলি স্বীকাৰ কৰে। যুৱকজনে কয় যে সেয়া তেওঁৰ ভুল হৈছে। কিন্তু তাৰ আঁৰত কোনো অভিপ্ৰায় নাছিল, কেৱল জুবিনৰ কৰ্ম কাণ্ডক লৈ খং উঠা বাবেহে এনে মন্তব্য কৰিছিল বুলি জনায় ধৃত যুৱকজনে।

''জুবিনে মদ খাই গান গোৱাতো মোৰ সহ্য নহয়। তেওঁ সংগীতানুষ্ঠানত যি মাতলামি কৰে সেয়া দেখিলে মোৰ খং উঠে। বিহুৰ দিনটোত হিন্দী গান গোৱা বাবেও মোৰ খং উঠি আছিল। খঙতে তেনেদৰে কৈ পেলালো।’’-এইদৰে কয় ধৃত যুৱকজনে।

►► পঢ়িব পাৰে এই বাতৰিটোঃ ফেচবুকযোগে জুবিনক হত্যাৰ ভাবুকি কাই খাপলাঙৰ​ ►►
►► পঢ়িব পাৰে এই ব্লগটোঃ অসমক কোনে চলাইছে, হিন্দীয়ে...জুবিনক কোনে চলাইছে?►►

ইফালে মুকুল আহোম শিৱসাগৰীয়া বুলি যিজন লোকৰ পোষ্টত যুৱকজনে উক্ত কমেণ্টটো কৰিছিল সেই লোকজনকো গ্ৰেপ্তাৰ কৰা হ’ব পাৰে বুলি সদৰী কৰিছে আৰক্ষীয়ে। বিভিন্ন সময়ত আলফাক সমর্থন কৰি ফেচবুকত পোষ্ট দি অহাৰ অভিযোগ উত্থাপিত হোৱাৰ পৰিপ্ৰেক্ষিততে যিকোনো মুহূৰ্ততে শিৱসাগৰৰ লোকজনক সোধপোচৰ বাবে গ্রেপ্তাৰ কৰিব পাৰে ডিব্রুগড় আৰক্ষীয়ে৷ লগতে যোৰহাটৰ আন এগৰাকী যুৱতীকো ডিব্রুগড় আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।

ইতিমধ্যে জুবিনক গুলীয়াই হত্যা কৰাৰ ভাবুকি দিয়া কাই খাপলাং ওৰফে তুলতুল বাগলাৰীক আৰক্ষীয়ে সোধ-পোচ অব্যাহত ৰাখিছে৷ যুৱকজনৰ বিৰুদ্ধে ৪৬০/২০১৭ নম্বৰত এটি গোচৰো ৰুজু কৰিছে বৰবৰুৱা আৰক্ষীয়ে। ঘটনাটোক লৈ এই পৰ্যন্ত উত্তেজনা আৰু বাক-বিতণ্ডা অব্যাহত আছে ছ'চিয়েল মিডিয়াত।

• এনে ধৰণৰ অধিক বা-বাতৰিৰ বাবে Like কৰক ফেচবুক পেজ News Next One