নতুন দিল্লীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সন্দৰ্ভত আপত্তিজনক মন্তব্য আগবঢ়াই বিপদত শশী থাৰুৰ৷ মানহানিৰ অভিযোগত কংগ্রেছ সাংসদ শশী থাৰুৰৰ বিৰুদ্ধে দিল্লীৰ পটিয়ালা হাউছ আদালতত বিজেপি নেতা ৰাজীৱ বব্বৰে এটা গোচৰ তৰিছে৷ 
বিজেপি নেতাজনে অভিযোগ কৰে যে থাৰুৰৰ মন্তব্যই ধৰ্মীয় অনুভূতিত আঘাত হানিছে৷ গোচৰটো ৰুজু কৰাৰ পাছত বব্বৰে থাৰুৰৰ মন্তব্যক ‘অসহনীয় দুৰ্ব্যৱহাৰ’ বুলি কোৱাৰ লগতে লাখ লাখ লোকৰ ধৰ্মীয় অনুভূতিক ‘সম্পূৰ্ণৰূপে অপমান’ কৰা বুলি কয়৷ উল্লেখযোগ্য যে মানহানি গোচৰটোৰ শুনানিৰ অহা শনিবাৰে গ্ৰহণ কৰা হ’ব৷
যোৱা শনিবাৰে বেংগালুৰুত সাহিত্য সম্পৰ্কীয় এক অনুষ্ঠানত থৰুৰে এক বিৰ্তকিত মন্তব্য আগবঢ়াইছিল৷ আৰ এছ এছৰ এজন সদস্যৰ উদ্ধৃতি  দি তেওঁ কৈছিল যে ‘মোডী শিৱলিংগৰ ওপৰত বহি থকা এটা বৃশ্চিক, যাক হাতেৰেও আঁতৰাব নোৱাৰি আৰু চেণ্ডেলেৰেও মাৰিব নোৱাৰি’৷