নতুন দিল্লীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সন্দৰ্ভত আপত্তিজনক মন্তব্য আগবঢ়াই বিপদত শশী থাৰুৰ৷ মানহানিৰ অভিযোগত কংগ্রেছ সাংসদ শশী থাৰুৰৰ বিৰুদ্ধে দিল্লীৰ পটিয়ালা হাউছ আদালতত বিজেপি নেতা ৰাজীৱ বব্বৰে এটা গোচৰ তৰিছে৷
বিজেপি নেতাজনে অভিযোগ কৰে যে থাৰুৰৰ মন্তব্যই ধৰ্মীয় অনুভূতিত আঘাত হানিছে৷ গোচৰটো ৰুজু কৰাৰ পাছত বব্বৰে থাৰুৰৰ মন্তব্যক ‘অসহনীয় দুৰ্ব্যৱহাৰ’ বুলি কোৱাৰ লগতে লাখ লাখ লোকৰ ধৰ্মীয় অনুভূতিক ‘সম্পূৰ্ণৰূপে অপমান’ কৰা বুলি কয়৷ উল্লেখযোগ্য যে মানহানি গোচৰটোৰ শুনানিৰ অহা শনিবাৰে গ্ৰহণ কৰা হ’ব৷
যোৱা শনিবাৰে বেংগালুৰুত সাহিত্য সম্পৰ্কীয় এক অনুষ্ঠানত থৰুৰে এক বিৰ্তকিত মন্তব্য আগবঢ়াইছিল৷ আৰ এছ এছৰ এজন সদস্যৰ উদ্ধৃতি দি তেওঁ কৈছিল যে ‘মোডী শিৱলিংগৰ ওপৰত বহি থকা এটা বৃশ্চিক, যাক হাতেৰেও আঁতৰাব নোৱাৰি আৰু চেণ্ডেলেৰেও মাৰিব নোৱাৰি’৷
আমাৰ লক্ষ্য 'News Next One’ক মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ। সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক। আমাৰ বেংক একাউণ্ট নম্বৰঃ NEWSNEXTONE.COM, A/C No: 50200046365374, IFSC: HDFC0000758, HDFC BANK, Noonmati Branch।